a-1

Introducing Snehankar and his short film Red + Yellow = as the fifth and final film of the five part series. A treatise poetry on horses or translating Isaac Asimov and Satyajit Ray into Assamese, this upcoming poet and visual artist has always delivered with a magic wand. Presently working as a journalist with the Dainik Janambhoomi in Guwahati, Snehankar is very well poised to understand grassroots level Assam and then extrapolate from the daily socio-political landscape with a keen sense of visual artistry. He has also worked on numerous documentaries, short films and other artistic endeavors.

Assam is at the crossroads today. The euphoria of newly found patriotism, the claustrophobia of meaningless ritualistic observations, the hype surrounding every little news item. All much ado about nothing. Our long-term vision has been sacrificed to ape, repeat, loop and be in sync with bourgeoisie mediocrity.

Red + Yellow = is Snehankar’s attempt at surrealism. Inspired by Samadura Kajal Saikia’s poem “Desh..”, Shehankar is attempting to open up a dialogue about the hydra-headed monster that we all have chosen to become as a state. My singular use of the word monster (versus plural) is by pure intent.

A few words from Snehankar:

কিয় বা মই ফিল্ম এখন কৰিবলৈ দুঃসাহস কৰিলো

কিয় বা মই ফিল্ম এখন কৰিবলৈ দুঃসাহস কৰিলো? প্রশ্নটোৰ উত্তৰ বিচাৰি স্মৃতি বিস্মৃতিৰ বহুতৰপীয়া কেইবাখনো দুৱাৰ খিৰিকীয়েদি জুমি চালো…
মূলতঃ ইয়াৰ আঁৰত আছে কল্পনা৷ কথা বা কাহিনীয়ে উদ্দিপীত কৰা কল্পচিচত্রৰ উক মুকনি…

সৰুতে দেউতাই কোৱা সাধু শুনি থাকোতে মূৰৰ ভিতৰত বহুত ছবি ঘূৰি থাকিছিল, এনেদৰে মূৰৰ ভিতৰত ঘূৰি থকা ছবিবিলাকৰ গুৰুত্ব কিমান সেয়া বুজিছিলো কিছু ডাঙৰ হৈ, যেতিয়া জানিলো চলমান ছবি মানে চিনেমা, তাৰ পিছত জনা নজনাৰ মাজেৰেই চিনেমাৰ সৈতে বিস্তৃত পৰিক্রমা, কিছু সৰু বৰ অভিজ্ঞতা…চিনেমা সর্ম্পকে আমাৰ ধ্যান ধাৰনাও বৰ সীমিত৷ কিন্ত৲ু নিজা ধৰনে অলপ-অচৰপ পঢ়া-শুনা, পেইন্টিং, নাটক, ভাস্কর্য চোৱা(সেইবোৰৰ নিজা ভাষা এটা বিচাৰি চোৱাৰ চেষ্টা কৰা) বিশেষকৈ দেশ-বিদেশৰ কিছু চিনেমা চাই চাই বুজিছো যে চিনেমাৰ এটা সুকীয়া ভাষা আছে…বৰ শত্তিুশালী ভাষা… যি সকলো সামৰি লয়৷

এটা সন্ধিয়া ফে’চবুকত বন্ধু সমুদ্রৰ ‘দেশ লৈ কি লাওখোলাটো কৰিম’ কবিতাটো পঢ়ি আছো… কাকতালীয় আৰু অৱধাৰিতভাৱেই যেন কাহিনী মিডিয়াযাৰ শ্বর্ট ফিল্ম সম্পর্কীয় আহবানটো…কাহিনী মিডিয়াৰ শ্বর্ট ফিল্ম বিচাৰি দিয়া বিজ্ঞাপনটোত ফিল্ম নির্নৰ বিকল্পসমূহৰ ভিতৰত ছু্য-ৰিয়েলিজিম থকা দেখি ইমান দিনে মূৰত খুন্দিয়াই থকা কথা-কাহিনী-চিত্র আদি ধাৰনাবিলাক উজাই ভটিয়াই থাকিল.. একেসময়তে মনৰ কোনো এটা স্তৰত সমুদ্রৰ কবিতাটোও…

ময়ো কবিতা লিখো৷ কবিতা নিলিখা হ’লে ছবিকেই আকিলোহেঁতেন৷ যি নহওক সমুদ্রৰ কবিতাটোত যিখিনি কথা প্রচছন্ন হৈ আছে তাৰ সমান্তৰালভাৱে কবিতাটোৰ চিত্রভাষা আৰু সমসাময়িক সামাজিক বাস্তৱিকতা সকলো বিক্ষিপ্ততাৰ বহুমাত্রিকভাৱে তৰপে তৰপে একে সময়তে মোৰ ভিতৰতো ক্রিয়া কৰে৷ দৈনন্দিন প্রাত্যহিকতাও প্রায় অধিবাস্তবীয় যেন বোধ হয় মোৰ৷ পুৱা শুই উঠাৰে পৰা নিশা শুবলৈ যোৱাৰ আগলৈকে আমি কিমান ভিন্ন মাত্রিক অৱস্হানত ভিন্নভাৱে অৱস্হান কৰো৷ সামাজিক অর্থনৈতিক কিমানবোৰ তৰপে ক্রিয়া কৰে অহৰহ…বিক্ষিপ্ত.. যোগ সূত্রহীন বাস্তৱৰ পৰা অধিবাস্তবৰ মাজত অজানিতে প্রতিনিয়ত সহজ অৱগাহন আমাৰ…

কিয় বা মই আকৌ ফিল্ম এখন কৰিবলৈ দুঃসাহস কৰিলো…

 

 

 

 

 

 

 

Leave a comment